মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ অসম ৰাজ্যিক চলচ্চিত্ৰ(বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত

চলচ্চিত্ৰ সংগ্ৰহালয়

ভিন্ন সাংস্কৃতিক উদ্দেশ্য সাধনৰ বাবে ৰাজ্যখনত নিৰ্মাণ কৰা প্ৰথমটো চলচ্চিত্ৰ সংগ্ৰহালয় ‘জোনাকী’ৰ উন্নয়নৰ ক্ষেত্ৰত অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্তীয় আৰু উন্নয়ন) নিগমে একাণপতীয়াকৈ চেষ্টা অব্যাহত ৰাখিছে। ২০১৩ বৰ্ষৰ ২৯ ডিচেম্বৰ তাৰিখে ফৰাচী চলচ্চিত্ৰ পৰিচালক, অভিনেতা আমূল পালেকাৰক বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰা অনুষ্ঠানত ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে এই প্ৰকল্পটোৰ শুভ উদ্বোধন কৰে।

            এই সংগ্ৰহালয়ত বিগত সময়ছোৱাৰ লগতে সমসাময়িক চলচ্চিত্ৰ সম্বন্ধীয় ভিন্ন আলোকচিত্ৰৰ লগতে চিনেমাৰ পোষ্টাৰো সংৰক্ষিত কৰা হৈছে। এয়াই নহয়, এই সংগ্ৰহালয়ত ৰাজ্যখনৰ চিনেমা ক্ষেত্ৰখনৰ সৈতে জড়িত পুৰণি পোছাক পৰিচ্ছদৰ পৰা আৰম্ভ কৰি চলচ্চিত্ৰীয় ভিন্ন সা-সামগ্ৰী, কাৰিকৰী সঁজুলি যেনে- প্ৰজেক্টৰ, কেমেৰা, শব্দগ্ৰাহী যন্ত্ৰ, পুৰণি গ্ৰামোফোন ৰেকৰ্ড আদিও সংৰক্ষিত কৰা হৈছে।

            এই সংগ্ৰহালয়ৰ ভিতৰত সাতখন টিভি পৰ্দা আছে –

মণিটৰ ১ -­      জ্যোতিপ্ৰসাদ আগৰৱালা আৰু জয়মতী সম্পৰ্কীয় চিনেমা দেখুওৱা হয়।

মণিটৰ ২   -   জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱন আৰু কৰ্মজীৱন সম্পৰ্কীয় চিনেমা দেখুওৱা হয়।

মণিটৰ ৩  -    ড০ ভূপেন হাজৰিকাদেৱৰ জীৱন আধাৰিত চিনেমা দেখুওৱা হয়।

মণিটৰ ৪  -    বঁটা বিজয়ী অসমীয়া চিনেমাসমূহৰ গীত প্ৰদৰ্শন কৰা হয়।

মণিটৰ ৫,৬,৭  -        চলচ্চিত্ৰ জগতৰ সৈতে জড়িত সদ্যপ্ৰয়াত ৭৫গৰাকী বিশিষ্ট ব্যক্তি সুঁৱৰি তেওঁলোকৰ কৰ্মজীৱন আৰু জীৱনীৰ সবিশেষ প্ৰদৰ্শন কৰা হয়।

            ইয়াত দৰ্শনকাৰীক অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ সৈতে জড়িত মূল মূল ঘটনাক্ৰম সম্পৰ্কে আৱগত কৰোৱা হয়। লগতে ৰাজ্যখনৰ প্ৰথমখন চলচ্চিত্ৰ “জয়মতী” সম্পৰ্কীয় সবিশেষ তথা তথ্য প্ৰদান কৰা হয়।

            অসমীয়া চিনেমাৰ ঐতিহ্যক সংৰক্ষিত কৰাৰ ই এক মহান প্ৰচেষ্টা –যাৰ ফলত গৱেষক, আগ্ৰহী তথা যুৱ চলচ্চিত্ৰ নিৰ্মাতাসকলে অসমীয়া চিনেমাৰ হেৰাই যোৱা যুগ সম্পৰ্কে অৱগত হোৱাৰ সুযোগ লাভ কৰে।

            ৰাষ্ট্ৰীয় চলচ্চিত্ৰ আৰ্কাইভৰ, পুণেৰ পূৰ্বৰ সঞ্চালক শ্ৰী পি.কে. নায়াৰৰ দিক্ নিৰ্দেশনা অনুসৰি অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্তীয় আৰু উন্নয়ন) নিগমৰ অধীনস্থ পাঞ্জাৱাৰীস্থিত বহুমুখী সাংস্কৃতিক প্ৰেক্ষাগাৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে স্থাপন কৰা চলচ্চিত্ৰ অভিলেখাগাৰটো ২০১১ চনৰ ১২ ফেব্ৰুৱাৰী তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে শুভ উদ্বোধন কৰে।