মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ অসম ৰাজ্যিক চলচ্চিত্ৰ(বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত

চলচ্চিত্ৰ মহোত্সৱ

চলচ্চিত্ৰ মহোত্সৱ

(ক) অসম ৰাজ্যিক চলচ্চিত্ৰ মহোত্সৱ,২০০৫

            ২০০৫ বৰ্ষৰ এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত সপ্তাহজোৰা কাৰ্যসূচীৰে অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্তীয় আৰু উন্নয়ণ) নিগমৰ উদ্যোগত আৰু ৰাজ্যিক সাংস্কৃতিক পৰিক্ৰমা সঞ্চালকালয়ৰ সহযোগত অসমীয়া চিনেমাৰ এক চলচ্চিত্ৰ মহোত্সৱৰ আয়োজন কৰা হয়। অসম ৰাজ্যিক চলচ্চিত্ৰ মহোত্সৱ শীৰ্ষক এই মহোত্সৱৰ শুভাৰম্ভ কৰে বিশিষ্ট অভিনেতা ভিক্টৰ বেনাৰ্জীয়ে। এই শুভাৰম্ভ অনুষ্ঠানত আমাৰ মাননীয় মূখ্য মন্ত্ৰী ডাঙৰীয়াও উপস্থিত থাকে। এই মহোত্সৱত ২০খনৰো অধিক অসমীয়া চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হয় যত আছিল কেইবাখনো ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত ছবি।

(খ) ৰাজ্যিক চলচ্চিত্ৰ বঁটা, ২০০৫

            অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্তীয় আৰু উন্নয়ন) নিগমে অসমৰ সাংস্কৃতিক পৰিক্ৰমা সঞ্চালকালয়ৰ সহযোগত ১৯৯৮ চনৰ পৰাই ৰাজ্যখনত ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰদান কৰি আহিছে। ২০০৫ বৰ্ষৰ ১২ এপ্ৰিলৰ দিনাখন এক বৰ্ণাঢ্য অনুষ্ঠানৰ যোগেদি প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰেক্ষাগৃহত এই বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত অংশগ্ৰহণ কৰে বিশিষ্ট অভিনেতা সুনীল দত্তদেৱে। এই অনুষ্ঠানত ২৬টা শাখাত শ্ৰেষ্ঠ ছবিৰ পুৰস্কাৰ প্ৰদান কৰা হয়।

(গ)চলচ্চিত্ৰ উত্সৱ, ২০০৫

            অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্তীয় আৰু উন্নয়ন) নিগমে ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সহযোগত ২০০৫ বৰ্ৰ ৬ মে’ৰ পৰা ১২ মে’লৈ চলচ্চিত্ৰ উত্সৱৰ আয়োজন কৰে। বিশিষ্ট অভিনেতা আমোল পালেকাৰদেৱে উদ্বোধন কৰা উক্ত অনুষ্ঠানত অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰৰ মাননীয় সাংস্কৃতিক মন্ত্ৰী ডাঙৰীয়াও উপস্থিত থাকে। এই উ্তৱসত ১৪খন বিদেশী ভাষাৰ ছবি। আৰু ৬খন ভাৰতীয় ছবি প্ৰদৰ্শিত হয়। এই উত্সৱৰ অংশস্বৰূপে এখন ৰাষ্ট্ৰীয় স্তৰৰ আলোচনা চক্ৰৰ শীৰ্ষক প্ৰতিযোগিতাৰ লগত মোকাবিলা আঞ্চলিক চলচ্চিত্ৰ অনুষ্ঠিত কৰা হয়।

(ঘ) বঁটা বিজয়ী অসমীয়া চলচ্চিত্ৰ, দিল্লী,২০০৬

            চলচ্চিত্ৰ মহোত্সৱ সঞ্চালকালয়ৰ সহযোগত ২০০৬ বৰ্ষৰ জানুৱাৰী মাহত নতুন দিল্লীস্থিত শ্ৰী ফৰ্ট প্ৰেক্ষাগৃহত বঁটা বিজয়ী অসমীয়া চলচ্চিত্ৰৰ উত্সৱৰ আয়োজন কৰা হয়। এই মহোত্সৱত মামনি ৰয়ছম গোস্বামী, সীমা বিশ্বাস আৰু জাহ্নু বৰুৱা উপস্থিত থাকি নিজ নিজ ভাষণ আগবঢ়ায়। তিনিদিনীয়া এই মহোত্সৱত বহুসংখ্যক লোকে অংশগ্ৰহণ কৰে। ইয়াৰোপৰি আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন পৰিচালক দীপা মেহতাও উপস্থিত থাকে।

(ঙ) বড়ো ভাষাৰ চিনেমাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰি অসমৰ চলচ্চিত্ৰ মহোত্সৱ, কলিকতাৰ নন্দনত

            বড়ো স্বায়ত্ত শাসিত পৰিষদ, ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় আৰু অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্তীয় আৰু উন্নয়ন) নিগমৰ সহগযোগত কলিকতাত তিনিদিনীয়া কাৰ্যসূচীৰে এই মহোত্সৱৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানৰ শুভাৰম্ভ কৰে শৰ্মিলা ঠাকুৰে। এই মহোত্সৱত বড়ো আৰু কাৰ্বি ভাষাৰ ছবিৰ লগতে অসমীয়া চিনেমা যেনে- সাৰথি, কণিকাৰ ৰামধেনু, দীনবন্ধু, নিষিদ্ধ নদী আদিও প্ৰদৰ্শন কৰা হয়।

(চ) গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোত্সৱ, ২০০৮

            ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ চিনেমা সংমণ্ডল আৰু অসম ৰাজ্যিক (বিত্তীয় আৰু উন্নয়ন) নিগমৰ সহযোগত এই চলচ্চিত্ৰ মহোত্সৱৰ আয়োজন কৰা হয়। ২০০৭ চনৰ ১৭ অক্টোবৰৰ পৰা ১৯ অক্টোবৰৰ ভিতৰত অনুষ্ঠিত এই মহোত্সৱত তথ্যচিত্ৰ, চুটি ছবি আৰু এনিমেশ্যন ছবি প্ৰদৰ্শিত কৰা হয়।

(ছ) দুদিনীয়া ডিজিটেল চলচ্চিত্ৰৰ কৰ্মশালা, ২০০৯

            আমাৰ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে ২০০৯ বৰ্ষৰ ছেপ্টেম্বৰ মাহত গুৱাহাটীত এই চলচ্চিত্ৰ কৰ্মশালাৰ আয়োজন কৰা হয়। এই কৰ্মশালাত সত্যজিত্ ৰায় চলচ্চিত্ৰ আৰু টেলিভিশ্যন সংস্থাৰ অধ্যাপক আৰু শ্লামমডগ মিলিয়নাৰ ছবিৰ দৃশ্যগ্ৰহণকাৰী এণ্টনী ডড মেনটেইল উপস্থিত থাকি চলচ্চিত্ৰ পাঠ প্ৰদান কৰে।

(জ) উত্তৰ-পূৱ চলচ্চিত্ৰ মহোত্সৱ, ২০০৯

            উত্তৰ-পূৱ মণ্ডলৰ সাংস্কৃতিক কেন্দ্ৰ (NE ZCC), ডিমাপুৰৰ সহযোগত অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্তীয় আৰু উন্নয়ন) নিগমে ২০০৯ বৰ্ষৰ জানুৱাৰী মাহৰ ২ তাৰিখৰ পৰা ৪ তাৰিখলৈ উত্তৰ-পূৱ চলচ্চিত্ৰ মহোত্সৱ আয়োজন কৰে।

(ঝ) আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোত্সৱ, ২০০৯

            ২০০৯ বৰ্ষৰ নৱেম্বৰ মাহত গোৱাত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোত্সৱত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোত্সৱৰ ভাৰতৰ তৰফৰ পৰা অসমীয়া চিনেমাৰ ৭৫ বছৰীয়া পৰিক্ৰমা সুঁৱৰি এই মহোত্সৱ অসমীয়া চিনেমাৰ বিশেষ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হয়। অসমীয়া ছবি জগতৰ বিশিষ্ট অভিনেতা আৰু অভিনেত্ৰী জ্ঞানদা কাকতি আৰু বিদ্যা ৰাওক অভিনন্দন জনায়। এই মহোত্সৱলৈ অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্তীয় আৰু উন্নয়ন) নিগমৰ সভাপতি, প্ৰৱন্ধ সঞ্চালক আৰু সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ সম্পাদকক আমন্ত্ৰণ জনোৱা হয়।

(ঞ) ছাত্ৰ-ছাত্ৰীৰ চলচ্চিত্ৰ মহোত্সৱ,২০১০

            পুণেস্থিত ভাৰতীয় ফিল্ম আৰু টেলিভিশযন সংস্থাৰ সহযোগত অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্তীয় আৰু উন্নয়ন) নিগমে ৮ অক্টোবৰ আৰু ৯ অক্টোবৰৰ (দুদনীয়া) তাৰিখে ছাত্ৰ-ছাত্ৰীৰ চলচ্চিত্ৰ মহোত্সৱৰ আয়োজন কৰে।

(ট) ৰাজ্যিক বঁটা প্ৰদান অনুষ্ঠান, ২০১০

            ২০১০ বৰ্ষৰ ১০ মাৰ্চৰ দিনাখন অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্তীয় আৰু উন্নয়ন) নিগমে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ সহযোগত ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰদান কৰে।

(ঠ) শিশু চলচ্চিত্ৰ কৰ্মশালা, ২০১০

            অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্তীয় আৰু উন্নয়ন) নিগমে ভাৰতীয় শিশু চলচ্চিত্ৰ সমাজৰ সহযোগত গুৱাহাটীত অক্টোবৰ মাহৰ ২৭ আৰু ২৮ তাৰিখে শিশু চলচ্চিত্ৰ কৰ্মশালাৰ আয়োজন কৰে যত কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

(ড) অসমীয়া চলচ্চিত্ৰৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ মুহূৰ্তত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত সপ্তাহজোৰা কাৰ্যসূচীৰে অনুৰাধা ছবিগৃহত পুৰণি অসমীয়া ছবিৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হয়।

(ঢ) কিডফেষ্ট অসম, ২০১৩

            ২০১৩ বৰ্ষৰ ১৯ মাৰ্চৰ পৰা ৬ এপ্ৰিললৈ অসমৰ দহখন জিলা সামৰি – কামৰূপ মহানগৰ, যোৰহাট, গোলাঘাট, গোৱালপাৰা, শিৱসাগৰ, বঙাইগাঁও, ডিব্ৰুগড়, তিনিচুকীয়া, মৰিগাঁও আৰু শোণিতপুৰ, ভাৰতীয় শিশু সমাজৰ সহযোগত কিডফেষ্টৰ আয়োজন কৰা হয়। ১৯ মাৰ্চৰ দিনাখন গুৱাহাটীৰ অনুৰাধা ছবিগৃহত শুভাৰম্ভ কৰা এই অনুষ্ঠানত ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী, সাংস্কৃতিক মন্ত্ৰী আৰু অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্তীয় আৰু উন্নয়ন) নিগমৰ অধ্যক্ষা উপস্থিত থাকে।

(ণ) ১৩ সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোত্সৱ,২০১৪

            ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ চলচ্চিত্ৰ সংমণ্ডলৰ উদ্যোগত ২০১৪ চনৰ ৪ ফেব্ৰুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত ১৩ সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোত্সৱত তথ্যচিত্ৰ/চুটি ছবি/এনিমেশ্যন ছবি প্ৰদৰ্শন কৰা হয়।

(ত) মহাবাহু উত্সৱ, ২০১৪

            অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে ২০১৪ বৰ্ষৰ ৯ আৰু ১০ ফেব্ৰুৱাৰী তাৰিখে মহাবাহু উত্সৱৰ আয়োজন কৰে যত অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্তীয় আৰু উন্নয়ন) নিগমৰ তৰফৰ পৰা চলচ্চিত্ৰ প্ৰদৰ্শিত কৰা হয়।

(থ) মহাবাহু উত্সৱ, ২০১৫

            ২০১৫ বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ ৬ৰ পৰা ৮ তাৰিখৰ ভিতৰত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা সঞ্চালকালয়ে এই উত্সৱৰ আয়োজন কৰে আৰু অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্তীয় আৰু উন্নয়ন) নিগমৰ উদ্যোগত চলচ্চিত্ৰ প্ৰদৰ্শিত কৰা হয়।

Downloads
TitleSizeDetail
Festival, Film Archive, Film Museum _Souvenir Shop.pdf121.49 KBswf-image