মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ অসম ৰাজ্যিক চলচ্চিত্ৰ(বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত

চলচ্চিত্ৰ আৰ্কাইভ

            এই চলচ্চিত্ৰ আৰ্কাইভটো স্থাপনৰ পিছতেই আমাৰ চলচ্চিত্ৰ জগতৰ এক নতুন অধ্যায়ৰ সূচনা হল। এইটো হল উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতেই প্ৰথম চলচ্চিত্ৰ আৰ্কাইভ। অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্তীয় আৰু উন্নয়ন) নিগমৰ অধীনস্থ বহুমুখী সাংস্কৃতিক প্ৰেক্ষাগৃহ জোনাকীত এই আৰ্কাইভটো স্থাপন কৰা হৈছে. ইয়াৰ ঠিকনা হৈছে এই আৰ্কাইভটো স্থাপন কৰা হৈছে। ইয়াৰ ঠিকনা হৈছে – শিল্পগ্ৰাম ৰোড, পাঞ্জাৱাৰী, গুৱাহাটী-৩৭, ৰাষ্ট্ৰীয় চলচ্চিত্ৰ আৰ্কাইভৰ, পুণেৰ প্ৰাক্তন সঞ্চালক শ্ৰী পি.কে. নায়াৰ দিক্ নিৰ্দেশনা অনুসৰি এই আৰ্কাইভটোৰ কাম সম্পন্ন কৰা হয়।

অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্তীয় আৰু উন্নয়ন) নিগমৰ তত্বাৱধানত নিৰ্মাণ কৰি উলিওৱা উক্ত আৰ্কাইভটো আমাৰ বাবে গৌৰৱৰ বিষয়। এনেধৰণৰ পদক্ষেপে এই ক্ষেত্ৰৰ সৈতে স্বতঃপ্ৰোতঃভাবে জড়িত ব্যক্তিসকলক উত্সাহিত কৰিব। এই আৰ্কাইভৰ জৰিয়তে চিনেমা শিক্ষাৰ ক্ষেত্ৰত আৰু মনোৰঞ্জনৰ স্বাৰ্থত চিনেমা বিষয়ক গৱেষণা, চিনেমা সংৰক্ষণ, দৃশ্য-শ্ৰৱণ সম্বন্ধীয় তথ্য-পাতি সংগ্ৰহৰ ওপৰত প্ৰধানকৈ গুৰুত্ব আৰোপ কৰা হব। বৈজ্ঞানিকভাৱে পুৰণি চিনেমাসমুহৰ সংৰক্ষণ আৰু ন-ৰূপত প্ৰদানৰ দ্বাৰা অসমীয়া ছবি জগতৰ আয়ুসৰেখা বৃদ্ধি কৰাৰ উপৰিও এনে ব্যৱস্থাৰ দ্বাৰা চলচ্চিত্ৰ প্ৰেমীয়ে চলচ্চিত্ৰৰ ক্ৰমশঃ উন্নয়নৰ সন্পৰ্কে অৱগত হব পাৰিব। লগতে এনে সংৰক্ষণৰ ফলত চলচিত্ৰ সম্পৰ্কীয় গৱেষণাৰ ক্ষেত্ৰত যথেষ্ট সহায় হব। অত্যাধুনিক সা-সৰঞ্জামেৰে সৈতে এই আৰ্কাইভটোত ২৪ ঘন্টা বিদ্যুতৰ ব্যৱস্থা কৰাৰ লগতে ইয়াক শীত-তাপ নিয়ন্ত্ৰিত উন্নত কাৰিকৰী ব্যৱস্থাৰ দ্বাৰা সংযোজিত কৰা হৈছে। এতিয়ালৈকে আৰ্কাইভটোত সংৰক্ষণৰ বাবে ১৩০ খন ছবি লাভ কৰা হৈছে। ইতিমধ্যে ছবি সংগ্ৰহৰ প্ৰক্ৰিয়া অব্যাহত আছে আৰু পৰিচালক/প্ৰযোজকসকলক এই আৰ্কাইভটোত তেওঁলোকৰ ছবিসমূহ সংৰক্ষণৰ বাবে উত্সাহিত কৰা হৈছে।