মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ অসম ৰাজ্যিক চলচ্চিত্ৰ(বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত

কাৰ্যাৱলী আৰু উদ্দেশ্য

উদ্দেশ্য

(১) ঋণ, ৰাজ সাহাৰ্য্য, অনুদান আদি আৰু অন্য কোনো ক্ষেত্ৰত প্ৰসাৰিত আৰ্থিক সাহায্যৰ মাধ্যমেৰে অসমীয়া চলচ্চিত্ৰৰ নিৰ্মাণৰ কাৰণে বিত্ত প্ৰদান কৰা হয়।

(২) চলচ্চিত্ৰ উদ্যোগৰ লগত সংযুক্ত আৰু সংশ্লিষ্ট সকলো বিষয়ত জ্ঞান আৰু নিৰ্দেশনা প্ৰদানৰ বাবে প্ৰতিষ্ঠানসমূহক উৎসাহিত, সাহায্য, স্থাপন আৰু সংৰক্ষণ আৰু চলচ্চিত্ৰ উদ্যোগত সহযোগীতা আৰু নিগমৰ কৰ্মচাৰীসকলৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা বা অন্য কোনো ব্যক্তিয়ে তেওঁৰ নিজস্ব প্ৰতিষ্ঠান বা অন্যৰ পৰা চলচ্চিত্ৰ উদ্যোগৰ ক্ষেত্ৰত অনুদান আৰু সেই উদ্দেশ্যৰ কাৰণে বৃত্তি আৰু অন্যান্য ভাত্তাৰ প্ৰস্তাৱ দিয়াটো আৱশ্যক বুলি বিবেচিত কৰা হব।

(৩) সমস্ত উদ্দেশ্যৰ বাবে চলচ্চিত্ৰৰ নিৰ্মাণৰ ব্যৱসায় চলাই নিবৰ বাবে আৰু চলচ্চিত্ৰ বাণিজ্য আৰু উদ্যোগ আৰু সম্বন্ধীয় সকলো বাণিজ্য, সংযুক্ত পণ্য, যন্ত্ৰপাতি ইত্যাদি।

(৪) ভাৰত আৰু বিদেশত চলচ্চিত্ৰৰ যুটীয়া সহযোগিতাত আৰু বিপননৰ মাধ্যমত চলচ্চিত্ৰৰ ফাইনেন্সাৰ, প্ৰযোজক, বিতৰক, প্ৰদৰ্শক আৰু অন্যান্য সম্বন্ধীয় উদ্যোগৰ ব্যৱসায় চলাই নিবৰ বাবে।

(৫) উন্নতমানৰ চলচ্চিত্ৰৰ উন্নতি আৰু উৎসাহিত কৰাৰ বাবে বঁটা, ৰাজ সাহায্যৰ লগতে চলচ্চিত্ৰ মহোৎসৱ।

(৬) ক্ৰয় নতুবা অৰ্জন কৰাৰ বাবে কপিৰাইট আৰু অন্য কোনো অধিকাৰ বা কোনো চলচ্চিত্ৰৰ ফটোপ্লে, নাটক, গান আৰু কোনো প্ৰকাশিত বা অপ্ৰকাশিত কিতাপ আৰু গল্প বা কোনো সংগীত বা অন্যান্য শিল্পসন্মত উৎপাদন।

(৭) নিগমৰ সকলো বা যিকোনো স্হাৱৰ বা অস্হাৱৰ সামগ্ৰীক ভাড়াত নিব হলে যন্ত্ৰপাতি আৰু যন্ত্ৰাংশৰ সমস্ত বিৱৰণ উল্লেখ কৰিব লাগিব।

(৮) চলচ্চিত্ৰৰ সৈতে জড়িত বিভিন্ন ক্ষেত্ৰত উৎপাদক হিচাপে অথবা প্ৰযোজক, ডীলাৰ, প্ৰদৰ্শক হিচাপে বা কেঁচা ফিল্ম, ৰসায়ন, চৌম্বকীয় টেপ, আলোকচিত্ৰীয় সা-সামগ্ৰী, চিনেমাৰ ফিল্ম আদি আমদানি কৰাৰ ক্ষেত্ৰত অথবা গ্ৰামোফোনত ৰেকৰ্ড আৰু ৰেকৰ্ডিং আৰু অন্যান্য প্ৰয়োজনীয় সা-সামগ্ৰী, যন্ত্ৰপাতি আদি আমদানি আৰু ৰপ্তানি অথবা ভাড়ালৈ লোৱাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰা।

(৯) অধুনিক শৈলীত চলচ্চিত্ৰ গৃহ, প্ৰেক্ষাগৃহ, থিয়েটাৰ হলসমূহৰ নিৰ্মাণ, পৰিচালনা আৰু চোৱা-চিতা কৰা।

(১০) ষ্টুডিঅ, থিয়েটাৰ হল, সংগীত গৃহ, কনচাৰ্ট হল আদিক সামগ্ৰিকভাৱে অথবা আংশিকভাৱে আৰু মনোৰঞ্জন স্থলসমূহৰ নিজস্বভাৱে আৰু অংশিদাৰিত্বৰ ভিত্তিত সময়ে সময়ে অথবা স্থায়ীভাৱে ক্ৰয় কৰা, নৱ নিৰ্মাণ কৰা, পৰিচালনাৰ দায়িত্ব গ্ৰহণ কৰা, নিৰীক্ষণ আৰু নিয়ন্ত্ৰণ কৰা অথবা ভাড়ালৈ দিয়াৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱা।

(১১) চিনেমা, মঞ্চসজ্জা অথবা অন্যান্য মনোৰঞ্জনধৰ্মী নিৰ্মাণ আৰু প্ৰযোজনাৰ বাবে প্ৰয়োজনীয় সা-সৰঞ্জাম, যন্ত্ৰপাতি, আঁচবাব, কেঁচা ফিল্ম, প্ৰয়োজনীয় ৰসায়ন, সাজ-সজ্জা আদি ক্ৰয় আৰু সংগ্ৰহ কৰাৰ বাবে।

(১২) কোনো চলচ্চিত্ৰ, নাটক, ড্ৰামা, অপেৰা, বাৰলেক্স(ছন্দানুকৃত কবিতা), নাট্যাভিনয়, মুকাভিনয়, সংগীত, গীত, হাস্যব্যঙ্গৰ লিখিত ৰূপ, প্ৰকাশিত কোনো কবিতা, গল্প, সাধু আৰু কোনো শিল্পীৰ দ্বাৰা সৃষ্ট সৃষ্টিৰাজিৰ ক্ষেত্ৰত থকা কপিৰাইট অথবা অন্য ধৰণে সংৰক্ষিত কোনো সৃষ্টিৰাজিৰ ক্ৰয়ৰ সন্দৰ্ভত আবেদন কৰা।

 

কাৰ্যাৱলী:

(১) অসমীয়া চলচ্চিত্ৰ নিৰ্মাণত বিত্ত প্ৰদান কৰা।

(২) শিল্পী কল্যাণ নিধিৰ পৰা শিল্পীসকলক অৰ্থ সাহাৰ্য্য প্ৰদান কৰা।

(৩) চলচ্চিত্ৰ যাদুঘৰত চলচ্চিত্ৰ সংক্ৰান্তীয় উপকৰণ, সংৰক্ষণ, প্ৰদৰ্শনী আৰু নথি।

(৪) চলচ্চিত্ৰ আৰ্কাইভত ছবিৰ প্ৰিণ্টসমূহ সংৰক্ষণ কৰা।

(৫) প্ৰেক্ষাগৃহ(শীত-তাপ নিয়ন্ত্ৰিত, ১০০খন আসনযুক্ত) ভাড়লৈ দিয়া।

(৬) ভাড়াত শ্বুটিং জেনেৰেটৰ ভান প্ৰদান কৰা।