মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ অসম ৰাজ্যিক চলচ্চিত্ৰ(বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত

শিল্পী কল্যাণ নিধি

উদ্দেশ্য

এই নিধিৰ প্ৰধান উদ্দেশ্যসমূহ-

  • আৰ্থিক দূৰাৱস্থাত ভোগা ৰাজ্যখনৰ বিশেষভাৱে সক্ষম অথবা বাৰ্ধক্যজনিত বা দুৰ্ঘটনাবশতঃ কাৰণে কাম কৰিবলৈ অপাৰগ হোৱা শিল্পীসকলক সাহায্য প্ৰদান কৰা।
  • এনে শিল্পী বা তেওঁলোকৰ পৰিয়ালবৰ্গক চিকিত্সা সেৱাৰ ব্যৱস্থা কৰা।
  • এনে শিল্পীৰ (সৰ্বাধিক দুটা সন্তানলৈ) লৰা-ছোৱালীৰ শিক্ষাৰ বাবে সুবিধা প্ৰদান কৰা।
  • এনে শিল্পীক তেওঁলোকৰ চিকিত্সাজনিত অথবা দুৰ্ঘটনাজনিত জৰুৰীকালীন সময়ত সাহায্য প্ৰদান কৰা।

ইয়াত আশ্ৰিত শব্দৰ অৰ্থ হৈছে-
১. নিহিত শিল্পীৰ পত্নী
২. ১৮ বছৰৰ তলৰ লৰা বা ছোৱালী
৩. অবিবাহিত আৰু নিবনুৱা কন্যা
৪. শিল্পীগৰাকীৰ পিতৃ-মাতৃ যিসকল শিল্পীগৰাকীৰ ওপৰত নিৰ্ভৰশীল