মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ অসম ৰাজ্যিক চলচ্চিত্ৰ(বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত

শিল্পী কল্যাণ নিধি

শিল্পী কল্যাণ নিধি কি?

অসম চৰকাৰে ৰুগায়ী আৰু বিশেষভাৱে সক্ষম শিল্পীসকলক আৰ্থিক সাহায্য প্ৰদানৰ উদ্দেশ্যে এই শিল্পী কল্যাণ নিধিৰ ব্যৱস্থা কৰে। এই ব্যৱস্থাৰ অধীনত অসম চৰকাৰে অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্তীয় আৰু উন্নয়ন) নিগমক সামগ্ৰিকভাৱে ১ কোটি টকাৰ পুঁজি আগবঢ়ায়। চৰকাৰে লগতে হিতাধিকাৰী চয়ন আৰু আৰ্থিক অনুদান প্ৰদানাৰ্থে এখন উপদেষ্টা সমিতি গঠন কৰি দিয়ে।

এই কল্যাণ নিধিৰ অধীনত অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্তীয় আৰু উন্নয়ন) নিগমে ইতিমধ্যেই শিল্পীসকলক আৰ্থিক অনুদান প্ৰদান কৰিবলৈ আৰম্ভ কৰিছে। ২০১১ বৰ্ষত নিগমৰ তৰফৰ পৰা এই নিধিৰ প্ৰথমগৰাকী হিতাধিকাৰী হিচাপে স্বৰ্গীয় বিক্ৰম হাজৰিকাক তেওঁৰ অসুস্থতাৰ সময়ত ২০,০০০ টকাৰ তত্কালীন সাহায্য প্ৰদান কৰা হয়।