যোগ্যতা
উপদেষ্টা পৰিষদৰ অনুমোদন সাপেক্ষে যোগ্যতাপ্ৰাপ্ত এগৰাকী ব্যক্তিয়ে নিৰ্দ্ধাৰিত আবেদনপত্ৰ পূৰণ কৰি এই নিধিৰ অধীনত আবেদনপত্ৰ দাখিল কৰিব পাৰে যদিহে তেওঁ নিম্নোল্লেখিত চৰ্তসমূহ পূৰণ কৰে।
- তেওঁ ৰাজ্যখনৰ শিল্প সংস্কৃতিৰ সৈতে জড়িত থকা শিল্পী হব লাগিব।
- শিল্পীগৰাকীৰ বয়স ২০ বছৰৰ ওপৰত হব লাগিব
- শিল্পীগৰাকী দুৰ্যোগগ্ৰস্ত হব লাগিব
- ৰাজ্যখনৰ সাংস্কৃতিক ক্ষেত্ৰখনত তেওঁৰ কিছু উল্লেখযোগ্য অৱদান থাকিব লাগিব
- তেওঁৰ কীৰ্তিসমূহ উল্লেখিত কোনো স্বীকৃতিপত্ৰ লগত দাখিল কৰিব লাগিব।